ৰাজনৈতিক তত্ত্বৰ পৰিচয় | B.A First Semester Political Science Minor Question Answer in Assamese
Introduction:
This post includes important questions and answers for the B.A. First Semester Political Science Minor, based on the book "ৰাজনৈতিক তত্ত্ব : ধাৰণা আৰু বিতর্ক."
উদ্দেশ্যধর্মী প্রশ্ন (Objective Questions):
1.Who first used the word 'politics'?
'ৰাজনীতি' শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?
Answer: ৰাজনীতি শব্দটো প্ৰথমে Aristotle এ ব্যৱহাৰ কৰিছিল।
2.From which Greek word, the term 'politics' derived?
'ৰাজনীতি' শব্দটো কোনটো গ্ৰীক ভাষাৰ শব্দৰ পৰা আহিছে?
Answer: ৰাজনীতি শব্দটো গ্ৰীক ভাষাৰ পলিচ (Polise) শব্দৰ পৰা আহিছে।
3.Who told 'Man is a Political Animal'?
কোনে কৈছিল 'Man is a Political Animal' ?
Answer: Aristotle এ কৈছিল 'Man is a Political Animal'।
4.Who is called 'Father of Political Science'?
কাক কোৱা হয় 'Father of Political Science'?
Answer: Father of Political Science বুলি Aristotle ক কোৱা হয়।
5. Who wrote the Book 'The Political System'?
'The Political System' নামৰ গ্ৰন্থখন কোনে লিখিছিল?
Answer: 'The Political System' নামৰ গ্ৰন্থখন David Easton লিখিছিল।
6.Political Science is a Dynamic/Static Science.
ৰাজনীতিবিজ্ঞান প্রগতিশীল নে স্থিতিশীল বিজ্ঞান।
Answer: ৰাজনীতিবিজ্ঞান প্রগতিশীল।
7. In which year International Political Science Association was formed?
কোন চনত আন্তর্জাতিক ৰাজনীতি বিজ্ঞান সংস্থা গঠন হৈছিল?
Answer: ১৯৪৯ (1949) চনত আন্তর্জাতিক ৰাজনীতি বিজ্ঞান সংস্থা গঠন হৈছিল।
8. Who wrote the book 'Republic'?
'Republic' গ্রন্থখন কোনে লিখিছিল?
Answer: 'Republic' গ্রন্থখন Plato এ লিখিছিল।
9. Who first used the word 'Political Science'?
ৰাজনীতি বিজ্ঞান শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?
Answer: ৰাজনীতি বিজ্ঞান শব্দটো প্রথমে Aristotle এ ব্যৱহাৰ কৰিছিল ।
10. Theoria is a Greek/French/ Latin word. Theoria হৈছে এটা গ্রীক/ফৰাচী/লেটিন শব্দ।
Answer: Theoria হৈছে এটা গ্রীক শব্দ।
চমু প্রশ্ন (Short Questions):
1. Discuss the need to study political theory.
ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা।
Answer: ১) ৰাজনৈতিক তত্ত্ব অধ্যয় কৰি দায়িত্বশীল নাগৰিক নিৰ্মাণ কৰিব পাৰি।
২) সমসাময়িক ৰাজনৈতিক আলোচনাৰ সঠিক গতিপথ নির্ণয় কৰিব পাৰি।
৩) বিকাশৰ চৰিত্ৰৰ উন্মোচন কৰিব পাৰি।
৪) গণমাধ্যম সমূহক সঠিক গতিপথ প্রদান কৰা ইত্যাদিত সহায় কৰিব পাৰে।
2. Why should we study political theory?
আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰিব লাগে?
Answer: ১) ৰাজনৈতিক তত্ত্বই সামাজিক জীৱনৰ সকলো দিশ সামৰি লয়।
২) এখন গণতান্ত্রিক ৰাষ্ট্ৰত নাগৰিক হিচাপে ৰাষ্ট্ৰৰ, ৰাষ্ট্ৰপতি, বৈদেশিক নীতি, ৰাষ্ট্র পৰিচালনাৰ বিষয়ে, ৰাজনৈতিক দল সম্পর্কে জ্ঞান আহৰণ কৰিবই লাগিব।
৩) ৰাজনৈতিক তত্বই আমাক প্রয়োজনীয় জ্ঞানখিনিৰ যোগান ধৰিব।
৪) ৰাজনৈতিক তত্বই নতুন নতুন ধ্যান-ধাৰণা সৃষ্টিত সহায় কৰে।
৫) ৰাজনৈতিক তত্বই আমাক ন্যায় বা সমতা সম্পর্কে প্রণালীবদ্ধ জ্ঞান লাভ কৰাত সহায় কৰে।
3. Discuss some of the features of politics.
ৰাজনীতিৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা।
Answer: ১) ৰাজনীতি কাৰ্যপালকৰ সৈতে জড়িত থাকে। এই কার্যকলাপ ৰাজহুৱা জীৱনত ব্যক্তিৰ কার্যকলাপক বুজায়।
২) ৰাজনীতি ৰাজনৈতিক অথবা ইয়াক প্রভাবিত কৰা বিভিন্ন বিষয় আৰু কাৰকৰ সৈতে জড়িত।
৩) ৰাজনীতি ৰাজনৈতিক প্রকৃতিৰ ব্যৱস্থা এটাত থাকে।
৪) ৰাজনীতি যিসকলে নির্দেশ প্রদান কৰে আৰু যিসকলে নির্দেশ গ্রহণ কৰে এই ৰাজনৈতিক সম্পৰ্কৰ আৰ্হিৰ সৈতে জড়িত।
৫) চৰকাৰৰ ইয়াৰ অনুষ্ঠানসমূহ, নীতি-নিয়ম পদ্ধতি আদি ৰাজনীতিৰ অন্তর্ভুক্ত।
4. What does political philosophy mean?
ৰাজনৈতিক দর্শন মানেনো কি?
Answer: ৰাষ্ট্ৰৰ দার্শনিক তাৎপর্য বিশ্লেষণেই হ'ল ৰাজনৈতিক দৰ্শনৰ উদ্দেশ্য। ৰাজনৈতিক জীৱনৰ ব্যৱহাৰিক বিষয় সম্পর্কে কোনো আলোচনা এই শাস্ত্ৰত কৰা নহয়। মুঠতে ৰাজনৈতিক দর্শনৰ আলোচনা ভাৱভিত্তিক। ৰাষ্ট্ৰৰ ব্যৱহাৰিক আলোচনা ৰাজনৈতিক দর্শনত কৰিব নোৱাৰি। ৰাজনৈতিক দর্শনে ৰাজনৈতিক চিন্তাধাৰাৰ বিষয়েহে অধ্যয়ন কৰে ইয়াত ৰাজনৈতিক অনুষ্ঠানবিলাকৰ বিষয়ে অধ্যয়ন কৰা নহয়। গতিকে যি বিষয়ত ৰাষ্ট্ৰৰ গঠন, সৃষ্টি, উদ্দেশ্য, ৰাজনৈতিক অনুষ্ঠান আদি বিভিন্ন বিষয়ে অধ্যয়ন কৰা হয় তাক ৰাজনৈতিক দর্শন আখ্যা দিয়া হয়।
B.A First Semester Political Science.
Political Science.
Comments
Post a Comment